মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

জৈৱিক গেছ প্ৰকল্প

জৈৱিক গেছ উত্পাদন হল পৰিস্কাৰ কম কাৰ্বনযুক্ত প্ৰযুক্তি। ইয়াৰ দ্বাৰা জৈৱিক আৱৰ্জনাসমূহক, পৰিস্কাৰ পুনৰনবীকৰণ জৈৱ গেছ আৰু জৈৱিক সাৰ উত্সলৈ ৰূপান্তৰ কৰি, দক্ষতাৰে পৰিচালনা কৰা হয়। ইয়াৰ দ্বাৰা দীৰ্ঘম্যাদী জীৱিকাৰ বিকাশৰ দিশৰ লগতে স্থানীয় (মাটি, বায়ু আৰু পানী) আৰু বিশ্বব্যাপী হোৱা প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত খুবেই সম্ভাৱনা আছে।

যি যন্ত্ৰ বা ব্যৱস্থাই জৈৱিক আৱৰ্জনাক গেছীয় শক্তিলৈ ৰূপান্তৰ কৰে তাক জৈৱ গেছ প্ৰকল্প বুলি কয়। জৈৱ গেছ উত্পাদনৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো ৰুদ্ধদ্বাৰ অৱস্থাত হয়, অৰ্থাত্ অক্সিজেনৰ অনুপস্থিতিত। এই অৱস্থাটো অবাত/অবায়জীৱী পচন, বুলি জনা যায়। জৈৱ গেছ প্ৰকল্প/ব্যৱস্থা প্ৰধানকৈ তিনিটা উপাদানেৰে গঠিত (ফীড আৰু স্লৰি সঞচালন ব্যৱস্থা, হজম বা পচন কম আৰু গেছ ধাৰক)। ফীড উপকৰণবোৰ (প্ৰয়োজনীয় পৰিমাণৰ পানীৰ লগত মিশ্ৰণ কৰি) প্ৰকল্পত ঢলা হয়, আৰু পচনকক্ষত থকা, অবায়ুজীৱী অনুজীৱৰ উপস্থিতিত, পচন বা হজম হোৱাৰ ফলত গেছ উত্পাদন হয়। গেছ ধাৰকত উত্পদিত গেছ জমা হয় আৰু ইয়াক তাপ প্ৰয়োগ বা শক্তি উত্পাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। জৈৱ গেছ প্ৰকল্পত এটা ব্যৱস্থাতে তিনিটা কাৰ্য নিহিত হৈ থাকে, যিহেতু ই ইন্ধন, সাৰ আৰু পাৰিপাৰ্শ্বিক স্বাস্থ্যাৱস্থা একেলগে প্ৰদান কৰে। বায়ুমণ্ডলত সেউজ গৃহ নিৰ্গমন কমোৱাৰ ক্ষেত্ৰত উত্তম ব্যৱস্থা বুলিও ইয়াক বিবেচনা কৰা হৈছে। জৈৱগেছ প্ৰকল্পৰ আৰ্হি আৰু ক্ষমতা নিৰ্বাচনৰ সিদ্ধান্ত জলবায়ুৰ পৰিস্থিতি, মাটিৰ স্তৰ, কেঁচা সামগ্ৰীৰ উপস্থিতিৰ পৰিমাণগত আৰু গুণগত দিশৰ ওপৰত নিৰ্ভৰ কৰে। জৈৱ গেছ, জন্তুৰ গোবৰ আৰু আন কোমল বা পাতজাতীয় জৈৱিক দ্ৰব্যৰ/আৱৰ্জনাৰ অবায়ুজীৱী পচনক্ৰিয়াৰ দ্বাৰা পাব পাৰি আৰু ৰন্ধন, জ্যোতি আৰু আন ধৰণৰ প্ৰয়োগ যেনে- শীতলীকৰণ, শক্তি উত্পাদন আৰু পৰিবহন জাতীয় প্ৰয়োগত শক্তি উত্স হিচাপে প্ৰয়োগ কৰিব পাৰি।