মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

গ্ৰীডৰ সৈতে সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা

ছাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থাত আৱাসিক গৃহৰ চাঁদত, কোনো ব্যৱসায়ীক ভৱনৰ চাঁদত বা নহলে অনুষ্ঠান অথবা উদ্যোগিক ভৱনৰ চাঁদত সৌৰ পেনেল সমূহ স্থাপন কৰা হয়। ই দুই প্ৰকাৰৰ হব পাৰে-

  • বেটাৰী ব্যৱহাৰৰ জৰিয়তে শক্তি জমা কৰি ৰখাৰ বাবে চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা।
  • গ্ৰীডৰ সৈতে সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা।

শক্তি জমা কৰি ৰখাৰ বাবে চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থাঃ
এনে ব্যৱস্থাত শক্তি জমা কৰি ৰখাৰ সুবিধা থাকে। বেটাৰী ব্যৱহাৰৰ জৰিয়তে জমা কৰি ৰখা শক্তি সূৰ্য্য অস্ত যোৱাৰ পাছতো নিষা ব্যৱহাৰ কৰিব পাৰি।

গ্ৰীডৰ সৈতে সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা:
গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ ব্যৱস্থা বা ক্ষুদ্ৰ এছ.পি.ভি. ব্যৱস্থাত, এছ.পি.ভি. পেনেলৰ পৰা উতপন্ন হোৱা ডি.চি. শক্তি পাৱাৰ কণ্ডিচন ইউনিটৰ জৰিয়তে এ.চি. শক্তিলৈ ৰূপান্তৰিত কৰা হয় আৰু ইয়াক আৱাস গৃহ, বাণিজ্যিক প্ৰতিষ্ঠান বা উদ্যোগ ভৱনত স্থাপন কৰি থোৱা ব্যৱস্থাৰ ক্ষমতা অনুযায়ী ৩৩কে.ভি./১১কে.ভি. থ্ৰি ফেজ লাইন বা ৪৪০/২২০ ভল্ট থ্ৰি/চিংগল ফেজ লাইনৰ জৰিয়তে গ্ৰীডলৈ প্ৰেৰণ কৰা হয়।

ধাৰণ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থাৰ জৰিয়তে দিনৰ ভাগত শক্তি উত্পন্ন কৰা হয় আৰু অতিৰিক্ত শক্তিখিনি গ্ৰীডলৈ প্ৰেৰণ কৰা হয়। যদি ডাৱৰেৰে আৱৰা আদিৰ কাৰণে সৌৰ শক্তি যথেষ্ট নহয় তেন্তে গ্ৰীডৰ পৰা বিদ্যুত আনি কেপ্টিভ লোড দিয়া হয়।

কত এনে কল স্থাপন কৰিব পাৰিঃ

চাঁদৰ ওপৰত স্থাপন কৰা এনে ব্যৱস্থা আৱাসীক চৌহদ, বাণিজ্যিক চৌহদ বা ভৱন, সমপ্ৰদায় কেন্দ্ৰ, চৰকাৰী সংগঠন আৰু ব্যক্তগত অনুষ্ঠান-প্ৰতিষ্ঠান আদি সকলোতে স্থাপন কৰিব পাৰি।

গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ ব্যৱস্থাৰ আকাৰঃ

১কে.ডব্লিও.পি.ৰ পৰা ৫০০কে.ডব্লিও.পি. লৈকে বা নহলে সংযুক্তকৰণৰ জৰিয়তেও চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা স্থাপন কৰিব পাৰি।

গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় এলেকাৰ পৰিমাণঃ

১কে.ডব্লিও.পি. গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ ব্যৱস্থা স্থাপনৰ বাবে প্ৰায় ১০ বৰ্গমিটাৰ এলেকাৰ প্ৰয়োজন হয়।

গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থাৰ সুবিধা সমূহঃ

উপভোগ কৰা কেন্দ্ৰতে শক্তি উত্পাদন আৰু ফলত বিদ্যুত সৰবৰাহ আৰু বিতৰণ খৰচৰ পৰা ৰেহাই।

১. নিম্ন গৰ্ভধাকালৰ সময়
২. কোনো অতিৰিক্ত ভূমিৰ প্ৰয়োজন নাই।
৩. সৌৰ শক্তিৰ সৰ্বাধিক স্ব-উপভোগৰ সৈতে টেইল-ইণ্ড গ্ৰীড ভল্টেজৰ উন্নয়ন আৰু ব্যৱস্থাৰ ভীৰৰ ক্ষেত্ৰত নমনীয়তা।
৪. স্থানীয় নিয়োগ সৃষ্টি।

নেট মিটাৰিং-

নেট মিটাৰিংৰ সহায়তো গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থাই কাৰ্য্য সম্পাদন কৰিব পাৰে যত উপভোক্তাই নেট মিটাৰৰ হিচাপ অনুসৰি মাচুল আদায় দিব পাৰে। সুকীয়াকৈ শক্তি আমদানী আৰু ৰপ্তানীৰ বাবেও দুটা মিটাৰ স্থাপন কৰিব পাৰি। পৰস্পৰ বুজা-বুজিৰে মাচুল আদায়ৰ বাবেও গ্ৰচ মিটাৰিং ভিত্তিক পদ্ধতিও গ্ৰহন কৰিব পাৰি।