মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

আমি কি কৰো

  • মুখ্য উদ্দেশ্য

    ক. ভাৰত চৰকাৰৰ নতুন আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ৰ, ৰাজ্যিক নোডাল সংস্থা হিচাপে, অসমৰ নতুন আৰু পুনঃনবীকৰণ শক্তি উত্সৰ ক্ষেত্ৰত কাৰ্য কৰা।

    খ. অগতানুগতিক শক্তি উত্সসমূহ যেনে- সৌৰ, বায়ু, জৈৱিক ইন্ধন, ক্ষুদ্ৰ জল প্ৰকল্প আৰু নগৰীয়া বৰ্জনীয় পদাৰ্থ ইত্যাদিৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভ, প্ৰসাৰ, সমৰ্থন আৰু যোগসূত্ৰ স্থাপন কৰা।

    গ. অগতানুগতিক আৰু পুনঃনবীকৰণ শক্তি উত্সৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিগত অগ্ৰগতি আৰু ইতিমধ্যেই উপলব্ধ প্ৰযুক্তিৰ বিষয়ে, বিভিন্ন ঘৰুৱা উদ্যোগী ব্যৱহাৰকাৰী, নীতি নিৰ্দ্ধাৰক, শিক্ষানুষ্ঠান, পৰামৰ্শকাৰী আৰু উদ্যোগী ব্যৱহাৰকাৰীৰ মাজত তথ্য প্ৰচাৰ কৰা।

    কৌশল

    অসম শক্তি উন্নয়ন এজেঞ্চী, পুনঃনবীকৰণ শক্তি উত্সৰ বিশাল সম্ভাৱনীয়তা, প্ৰয়োজন থকা জনসাধাৰণৰ মাজত সামাজিকভাৱে আৰু পাৰিপাৰ্শ্বিকভাৱে উচ্চ মানৰ সন্তুলণ বজা ৰখাত স্বীকৃতি দিছে। চৰকাৰ, স্থানীয় অনুষ্ঠান/প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থা, ব্যক্তিগত খণ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমুদায়/গোষ্ঠীয়েও এন.আৰ.এছ.ই.ৰ দিশত যৌথ প্ৰচেষ্টা আগবঢ়াইছে। ভাৰত চৰকাৰে অংশীদাৰী ব্যৱস্থা/নীতিৰে এন.আৰ.এছ.ইৰ প্ৰচুৰ সম্ভাৱনীয়তাক খুব সচেতন আৰু আগ্ৰাহিন্বিত হৈ গ্ৰহণ কৰি আহিছে আগৰে পৰাই। নৱ আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ে এই ক্ষেত্ৰত বিভিন্ন নীতি নিৰ্দ্ধাৰণেৰে ইতিমধ্যেই যোৱাটো দশকত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এন.আৰ.এছ.চি.ৰ প্ৰাসংগিকতা, শক্তিৰ কেন্দ্ৰীভূত উত্স হিচাপে দেশৰ দুৰ্গম গাঁওসমূহৰ বৈদ্যুতিকীকৰণৰ বাবে বিশেষ দৃষ্টি নিবন্ধন কৰিছে। তেনে গাঁওসমূহ চিনাক্ত কৰি, ক্তি নিৰ্বাচনৰ ক্ষেত্ৰত এন.আৰ.এছ.ই.ৰ লগতে প্ৰচলিত উত্সৰো মূল্যায়ন হব লাগে, যাতে ব্যয়ৰ পৰিমাণৰ বিকল্প নিৰ্বাচন আৰু এন.আৰ.এছ.ই.ৰ বাবে থকা পৰ্যাপ্ত সম্পদৰ ভালদৰে বা সদব্যৱহাৰ হয়। গৱেষণা আৰু উন্নয়ন আৰু বজাৰ উন্নয়নে, খৰচ কমোৱাত সহায় কৰে, যিহেতু প্ৰযুক্তিয়ে পৰিপক্কতা আৰু গ্ৰহণযোগ্যতা লাভ কৰা। এনে কাৰ্যক সেয়ে ত্বৰান্বিত কৰা প্ৰয়োজন। গ্ৰাম্য কো-অপাৰেটিভ বেংক, ক্ষুদ্ৰ ঋণ আঁচনি আৰু ই.এছ.চি.অ. (শক্তি সেৱা কোম্পানী)য়ে বজাৰ সমৰ্থিত আন্তঃগাঁঠনি মজবুত কৰাত আৰু এন.আৰ.এছ.ইত আত্মবিশ্বাস অনাত বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতানুগতিক শক্তিৰ ওপৰত সঠিক নীতি নিৰ্দ্ধাৰণ কৰি অথবা এন.আৰ.এছ.ইক প্ৰাধান্য দি ইয়াৰ বাবে এটা স্তৰৰ তৈয়াৰ কৰা প্ৰয়োজন। নতুন বিদ্যুত্ নিয়ন্ত্ৰক গাঁঠনিক, পুনঃনবীকৰণ শক্তিৰ ভৱিষ্যতৰ বিকাশক আগবঢ়াই নিবলৈ ব্যৱহাৰ কৰিব পাৰি, যিটো লাহেকৈ সমগ্ৰ দেশতে প্ৰসাৰ হবলৈ ধৰিছে. অগ্ৰাধিকাৰ ভিত্তিক আচৰণ কৰি প্ৰদৰ্শনৰ সৈতে ইনচেনটিভ বা পুৰস্কাৰক জড়িত কৰিব লাগে বা পুৰস্কাৰৰ ব্যৱস্থা কৰা উচিত, যাতে দক্ষতা উন্নত আৰু খৰচ বা ব্যয় কম কৰাৰ বাবে উত্সাহ জন্মে।