মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

আমাৰ ইতিহাস

  • সত্তৰ দশকৰ আগভাগত তেল সম্পৰ্কীয় আঘাত পোৱাৰ পিছতেই দেশৰ নীতি প্ৰণেতাই সঠিক দৃষ্টি নিবন্ধন বা সিদ্ধান্তলৈ আহে যে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰতা কমি আহিছে বা আহিবই আৰু নতুন আৰু পুনঃনবীকৰণ শক্তি উত্স যেনে- সৌৰ, বায়ু, ক্ষুদ্ৰ জলবিদ্যুত, জৈৱিক শক্তি, কলা-কোষীয় ইন্ধন ইত্যাদিৰ পৰা শক্তি আহৰণৰ প্ৰতি দৃষ্টি দিয়া উচিত আৰু শক্তি ব্যৱহাৰ বা প্ৰয়োগৰ দক্ষতাও উন্নত কৰা উচিত।

    অসম শক্তি উন্নয়ন সংস্থা (এ.ই.ডি.এ.) প্ৰথম অৱস্থাত, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ (এ.এচ.টি.ই.চি.)ৰ এটা অংশ হিচাপে আছিল। অৱস্থাত, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ, অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ বিভাগৰ অধীনত স্বায়ত্ত শাসিত পৰিষদ হিচাপে ১৯৮৬-৮৭ চনত বিজ্ঞান আৰু প্ৰযুক্তি, দূৰৱৰ্ত্তী চেতনা/ সংবেদন শক্তি (অগতানুগতিক আৰু পুনঃনবীকৰণ) আৰু পাৰিপাৰ্শ্বিক ক্ষেত্ৰত কিছুমান মুখ্য বা গুৰুত্বপূৰ্ণ কাৰ্যপন্থা বাস্তৱায়িত কৰাৰ উদ্দেশ্যে গঠিত হৈছিল।

    অনানুষ্ঠানিকভাৱে অসম শক্তি উন্নয়ন সংস্থা,২০০২ চনৰ জুলাই মাহত বৈজ্ঞানিক পঞ্জীয়ন আইনৰ অধীনত (১৮৬০), মুখ্য সংস্থা হিচাপে স্বাধীনভাৱে কাম কৰিব পৰাকৈ, ভাৰত চৰকাৰৰ নব আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ৰ অধীনত অসমৰ বাবে গঠন কৰা হৈছিল।