মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

সৌৰ ফটোভলটেক ওৱাটাৰ পাম্পিং ব্যৱস্থা

সৌৰ ফটোভলটেক(এছ.পি.ভি.) ওৱাটাৰ পাম্পিং ব্যৱস্থাৰ বাবে এক পি.ভি. বিন্যাস, এক ডি.চি./এ.চি. চাৰ্ফেচ মাওণ্টেড/নিমজ্জিত/উপঙি থকা মটৰ পাম্প ছেট, ইলেক্ট্ৰনিকচ, আন্তঃসযুক্ত বিদ্যুতবাহী তাঁৰ আৰু এক অন/অফ বুটাম আদিৰ প্ৰয়োজন। পি.ভি. বিন্যাস অনুকৰণৰ সুবিধাযুক্ত সঠিক সংৰচনাত ব্যৱহাৰ কৰা হয়। ইলেক্ট্ৰনিকচে মেক্সিমাম পাৱাৰ পইণ্ট ট্ৰেকাৰ(এম.পি.পি.টি.), ইণ্ভাৰ্টাৰ আৰু নিয়ন্ত্ৰণ/ৰক্ষণ আদিক অন্তৰ্ভু্ক্ত কৰে।বেটাৰী এছ.পি.ভি. ওৱাটাৰ পাম্পিং ব্যৱস্থাৰ অংশ নহয়।

এছ.পি.ভি. ওৱাটাৰ পাম্পিং ব্যৱস্থাত ব্যৱহাৰ কৰা উপাদান আৰু আন প্ৰয়োজনীয় সমূহৰ ভিতৰত আছে পি.ভি. মডিউল, পাম্প, ধাতুৰ সংৰচনা, কেবোল, জাংচন বক্স, বুটাম ইত্যাদি যিবোৰ সংশ্লিষ্ট কৰ্তৃপক্ষ যেনে বি.আই.এছ./আই.ই.এছ/আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশকৰ জৰিয়তে স্বীকৃত হোৱাটা বাঞ্চনীয়।

সৌৰ পি.ভি. জল পাম্পিং ব্যৱস্থাই, ১০ মিটাৰৰ মুঠ হেডৰ পৰা, সমান্তৰাল পৃষ্ঠত গড়ে দৈনিক ৫.৫ কিলোৱাট/বৰ্গ মিটাৰ সৌৰ বিকিৰণ অৱস্থাৰ অধীনত পি.ভি. বিন্যাসৰ সৰ্বোচ্চতম প্ৰতি ৱাটত ন্যূনতম ৮৫ লিটাৰ পানী দৈনিক ব্যৱহাৰ কৰিব পৰাকৈ প্ৰদান কৰে।

গভীৰ কুঁৱা পাম্পংৰ ক্ষেত্ৰত, ৩০মিটাৰ মূৰৰ পৰা প্ৰতিদিনে ব্যৱহাৰ কৰা পি.ভি. বিন্যাসৰ প্ৰতি ওৱাটত কমেও ২৮লিটাৰ পানী প্ৰদান কৰাটো উচিত। ওখ মূৰৰ, গভীৰ কুৱা পাম্পৰ ক্ষেত্ৰত, ৫০মিটাৰ মূৰৰ পৰা প্ৰতিদিনে ব্যৱহাৰ কৰা পি.ভি. বিন্যাসৰ প্ৰতি ওৱাটত কমেও ১৭লিটাৰ পানী প্ৰদান কৰাটো উচিত।

প্ৰয়োজনী অনুসৰি জল নিৰ্গমণ কৰিবলৈ হলে সৌৰ বিকিৰণৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ অনুকৰণ ব্যৱস্থা ব্যৱহাৰ কৰাটো বাঞ্চনীয়। এইটো স্পষ্ট হোৱাটো উচিত যে পি.ভি. বিন্যাস অনুকৰণৰ জৰিয়তে নে পোনপটিয়াকৈ নুন্যতম প্ৰয়োজনীয় পানী লাভ কৰা গৈছে। কোনো নিৰ্দিষ্ট দিনত কিমান পানী ভূ-পৃষ্ঠৰ পৰা ওলোৱা হল বা ইয়াৰ মানদণ্ড কেনেকুৱা ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে স্থান আৰু ঋতুৰ ওপৰতহে।

সৌৰ পাম্প সমূহৰ সূবিধা সমূহঃ

১. কোনো ইন্ধনৰ খৰচ নাই-কেৱল ব্যৱহাৰ কৰা হয় প্ৰচুৰ পৰিমাণে বিনামূল্যে লাভ কৰা সূৰ্য্যৰ ৰশ্মি।
২. কোনো গতানুগতিক গ্ৰীড বিদ্যুতৰ প্ৰয়োজন নাই।
৩. দীঘলীয়া পৰিচালনা ক্ষমতাপন্ন।
৪. অতিকৈ বিশ্বসযোগ্য আৰু নিগাজী- বিনামূলীয়া প্ৰদৰ্শন।
৫. পৰিচালন আৰু তত্বাবধান কৰা তেনেই সহজ।
৬. পাৰিপাৰ্শ্বিক বন্ধুত্বভাৱাপন্ন।
৭. গতানুগতিক ডিজেল ইন্ধনৰ সঞ্চয়।