মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

ব্যৱস্থা আৰু যন্ত্ৰ

গ্ৰীডৰ সৈতে সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ফটোভলটেক পদ্ধতি

গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ এছ.পি.ভি. ব্যৱস্থা গ্ৰীড পৰস্পৰৰ সৈতে বা অবিহনেও হব পাৰে। গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ ব্যৱস্থা বা ক্ষুদ্ৰ এছ.পি.ভি. ব্যৱস্থাত, এছ.পি.ভি. পেনেলৰ পৰা উতপন্ন হোৱা ডি.চি. শক্তি পাৱাৰ কণ্ডিচন ইউনিটৰ জৰিয়তে এ.চি. শক্তিলৈ ৰূপান্তৰিত কৰা হয় আৰু ইয়াক আৱাস গৃহ, বাণিজ্যিক প্ৰতিষ্ঠান বা উদ্যোগ ভৱনত স্থাপন কৰি থোৱা ব্যৱস্থাৰ ক্ষমতা অনুযায়ী ১১কে.ভি. থ্ৰি ফেজ লাইন বা ২২০ ভল্ট থ্ৰি/চিংগল ফেজ লাইনৰ জৰিয়তে গ্ৰীডলৈ প্ৰেৰণ কৰা হয়। ধাৰণ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থাৰ জৰিয়তে দিনৰ ভাগত শক্তি উত্পন্ন কৰা হয় আৰু অতিৰিক্ত শক্তিখিনি গ্ৰীডলৈ প্ৰেৰণ কৰা হয়। যদি ডাৱৰেৰে আৱৰা আদিৰ কাৰণে সৌৰ শক্তি যথেষ্ট নহয় তেন্তে গ্ৰীডৰ পৰা বিদ্যুত আনি কেপ্টিভ লোড দিয়া হয়। নেট মিটাৰিংৰ সহায়তো গ্ৰীড সংযুক্ত চাঁদৰ ওপৰৰ সৌৰ ব্যৱস্থাই কাৰ্য্য সম্পাদন কৰিব পাৰে যত উপভোক্তাই নেট মিটাৰৰ হিচাপ অনুসৰি মাচুল আদায় দিব পাৰে। সাধাৰণতে গ্ৰীড ইণ্টাৰেক্টিভ ব্যৱস্থাত কোনো ব্যাক আপৰ প্ৰয়োজন নহয়, যিহেতু গ্ৰীডে অতিৰিক্ত সৌৰশক্তি ফিডিংৰ বাবে ব্যাক আপ হিচাপে আৰু ত্দ্ৰুপ কাম কৰে। সমগ্ৰ ব্যৱস্থাটোৰ প্ৰদৰ্শনৰ বিশ্বাসযোগ্যতাক বঢ়োৱাৰ বা বৃদ্ধিৰ বাবে, নুন্যতম এক ঘন্টাৰ ব্যাক-আপ দিব পৰা ভাৰ ক্ষমতা সম্পন্ন বেটাৰীৰ পৰামৰ্শ দিয়ে।

গ্ৰীড ইন্টাৰেকটিভ ব্যৱস্থাত এইটো নিশ্চিত কৰা হৈছে যে, যদি গ্ৰীড ব্যৰ্থ হয়, সৌৰ শক্তি সম্পুৰ্ণ ৰূপে ব্যৱহাৰ হয় অথবা অবিলম্বে গ্ৰীড ফিডিং বন্ধ হৈ যায় (যদিহে অতিৰিক্ত থাকে), যাতে কোনো গ্ৰিডৰ ব্যক্তি/প্ৰযুক্তিবিদ (যন্ত্ৰবিত) বিদ্যুতপৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে, যদিহে গ্ৰীডৰ পৰিচালনা বা ৰক্ষণাবেক্ষণৰ বাবে কাৰ্য্যৰত অৱস্থাত কোনো গ্ৰীডত থাকে। এই বৈশিষ্ট্যক আইলেন্ডিং প্ৰটেকশ্ব্যন (Islanding Protection)বুলি কোৱা হয়।

অফ গ্ৰীড / নন গ্ৰীড চোলাৰ ফটোভলটেইক (এছ.পি.ভ.) ব্যৱস্থা

নন গ্ৰীড ইণ্টাৰেক্টিভ ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় সাধাৰণতে সম্পূৰ্ণকৈ জমা কৰি ৰাখিব পৰা এক বেটাৰী ব্যৱস্থা। কিন্তু, অত্যাধুনিক ভৰ প্ৰবন্ধন আৰু পাৱাৰ কণ্ডিচনিং ব্যৱস্থাৰ লগতে সুৰক্ষা পদ্ধতিৰ পৰিচয়ে বেটাৰী বেক-আপৰ যৰিয়তে নোযোৱাকৈয়ে পুনপটীয়াকৈ দিনিৰ ভাগতে এই সৌৰ শক্তি ব্যৱহাৰ কৰিব পৰাকৈ পৃথক কৰিবও পাৰি। গ্ৰীড ইণ্টাৰেক্টিভ ব্যৱস্থাত ইয়াৰ আগৰ পৰিস্থিতিৰ দৰে কমেও এক ঘণ্টাৰ বেটেৰী বেক আপ থকাটো বাঞ্চনীয় আৰু ইয়াৰ জৰিয়তে ইয়াৰ যোগ্যতাও বৃদ্ধি পাব। নন গ্ৰীড ইণ্টাৰেক্টিভ ব্যৱস্থাত কমেও এঘণ্টাৰ বেটাৰী থকাটো সম্ভৱ যদিহে যি অঞ্চলত সাধাৰণ বিদ্যুত উপলব্ধ নহয়। যদিহে ৰদৰ পাছত এছ.পি.ভি. বিদ্যুত ব্যৱহাৰ কৰিবলগীয়া হয় তেনেহলে এক পূৰ্ণ-ক্ষমতাসম্পন্ন বেটেৰীৰ প্ৰয়োজন হব আৰু ফলত ইয়াৰ খৰচ বৃদ্ধি পাব।

হোৱাইট লেড(ডব্লিও.-লেড) ভিত্তিক সৌৰ চাকীঃ

সৌৰ চাকী হৈছে সহজে কঢ়িৱাই লৈ ফুৰিব পৰা এবিধ সামগ্ৰী যাৰ বাবে প্ৰয়োজন এক পি.ভি. মডিউল, বেটাৰী, চাকী আৰু ইলেক্টনিকচৰ। বেটাৰী, চাকী আৰু ইলেক্ট্ৰিনিক সমূহ ধাতু, প্লাষ্টিক বা ফাইভাৰ কাঁচেৰে তৈয়াৰি এক নিৰ্দিষ্ট কোঠত স্থাপন কৰা হয়। সৌৰ চাকী সমূহ ৩৬০ডিগ্ৰীৰ পুৰ্ণ পৰিষৰ সামৰি ভিতৰত বা বাহিৰত পোহৰ বিয়পোৱাৰ বাবে প্ৰযোজ্য হয়

পি.ভি. মডিউলে সূৰ্য্যৰ ৰশ্মিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে, বেটাৰীটো চাৰ্জ হয় আৰু ইয়াৰ দ্বাৰাই লুমিনেয়াৰ বোৰক বিদ্যুত যোগান ধৰে। লুমিনেয়াৰে হোৱাইট লাইট এমিটিং দায়ডে(ডব্লিও.-এল.ই.ডি.) অন্তৰ্ভুক্ত কৰে। ই হৈছে এক কঠিন ধাতুৰে গঢ়া যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়।

হোৱাইট-এল.ই.ডি.(ডব্লিও.-এল.ই.ডি.) ভিত্তিক সৌৰ গৃহ পোহৰ ব্যৱস্থা

এক সৌৰ গৃহ পোহৰ ব্যৱস্থাই (এছ.এইচ.এছ.) ঘৰৰ এটা বা তাতোকৈ অধিক কোঠালিক অতি সুবিধাজনক ভাৱে পোহাৰাব পাৰে। এক পি.ভি. মডিউল, নিয়ন্ত্ৰন ইলেক্ট্ৰনিকচ, বেটাৰী আৰু লুমিনায়াৰ আদি এই এছ.এইচ.এছ.ৰ বাবে প্ৰয়োজনীয়। ইয়াত বহু এছ.এইচ.এছ. আৰ্হি আছে যি এটা, দুটা বা চাৰিটা বগা পোহৰ নিৰ্গতকাৰী ডায়দ ভিত্তিক বৈশিষ্ট বহন কৰে। এটা ডব্লিও.-এল.ই.ডি.ৰ সৈতে এখন সৰু ডি.চি. ফেন বা এটা ১২-ভি. ডি.চি. টেলিভিচন চলোৱাৰ ক্ষেত্ৰত এই ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰি।

পি.ভি. মডিউলে সূৰ্য্যৰ ৰশ্মিক বিদ্যুতলৈ ৰূপান্তৰিত কৰে, যি লুমিনায়াৰক শক্তি প্ৰদান কৰে। বগা পোহৰ নিৰ্গতকাৰী ডায়দ হৈছে এক কঠিন ৰূপত থকা যন্ত্ৰ যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়।

হোৱাইট-এল.ই.ডি. (ডব্লিও.-এল.ই.ডি.) ভিত্তিক সৌৰ পথ পোহৰ ব্যৱস্থা

এক স্বতন্ত্ৰ সৌৰ ফটোভলটেইক পথ পোহৰ ব্যৱস্থা (এছ.এল.এছ.) হৈছে এক মুকলিত পোহৰ বিস্তাৰ কৰা একক যি পথ বা মুকলি এলেকা পোহৰাবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে প্ৰয়োজন সৌৰ ফটোভলটেইক(এছ.পি.ভি.) মডিউল, এক লুমিনায়াৰ, বেটাৰী, নিয়ন্ত্ৰন ইলেক্ট্ৰনিকচ, আন্তঃসংযুক্ত বিদ্যুতবাহী তাঁৰ/কেবোল আৰু লগতে বেটাৰী বক্স আৰু হাৰ্ডওৱেৰ অন্তৰ্ভুক্ত মডিউল মাউণ্টিং পোল। ইয়াৰ লুমিনায়াৰে বগা পোহৰ নিৰ্গতকাৰী ডায়দৰ ওপৰত ভিত্তি কৰে, এক কঠিন ৰূপত থকা যন্ত্ৰ যি পোহৰ বিস্তাৰ কৰে যেতিয়া ইয়াৰ মাজেৰে বিদ্যুত পাৰ হৈ যায়। লুমিনায়াৰটো পোলৰ ওপৰত এক সঠিক স্থানত স্থাপন কৰা হয় যাতে ইয়াৰ দ্বাৰা সাম্ভাব্য অধিক এলেকা পোহৰাই তুলিব পাৰে। পি.ভি. মডিউলটো পোলৰ একেবাৰে ওপৰত দক্ষিণ ফালে মুখ কৰি স্থাপন কৰা হয় যাতে ই ছাঁ নপৰাকৈ গোটেই দিন সৌৰ বিকিৰণ সংগ্ৰহ কৰিব পাৰে। পোলটোৰ সৈতে থকা এটা বক্সত বেটাৰীটো ৰখা হয়।

পি.ভি. মডিউলটোৱে দিনৰ ভাগত বিদ্যুত উতপন্ন কৰে আৰু এই বিদ্যুত বেটাৰিত জমা হয়হি আৰু ইয়াৰ সহায়ত গধুলিৰ পৰা পুৱতি নিশালৈ লুমিনায়াৰে পোহৰ দিয়ে। এই ব্যৱস্থাই স্বয়ংক্ৰিয়ভাবে গধুলি পোহৰ দিয়ে আৰু পুৱা বন্ধ হৈ যায়।

চোলাৰ ড্ৰায়াৰ

অতীত কালৰে পৰাই খাদ্য-শস্য সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যৰে চোলাৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি থকা হৈছে। সাধাৰণতে মুকলি আকাশৰ তলত সূৰ্য্যৰ ৰদৰ সহায়ত এই ব্যৱস্থা কৰা হৈছিল। কিন্তু এই ব্যৱস্থাৰ বহুবোৰ অপকাৰিতাও আছিল, যেনে প্ৰতিকুল বতৰৰ বাবে খাদ্য-শষ্য নষ্ট হৈ যোৱা, বৰষুণ, বতাহ, কুৱলী, আদ্ৰতা আৰু ধুলি ইত্যাদি কাৰণ, তাৰোপৰি পশু-পক্ষিয়ে নষ্ট কৰা, পচি যোৱা অথবা ভেকুৰ লগা বা পোক-পৰুৱাই নষ্ট কৰা আদিবোৰো। ইয়াৰোপৰি এই ব্যৱস্থা অত্যধিক কষ্টকৰ, সময় খৰচি আৰু ইয়াৰ বাবে প্ৰয়োজন বৃস্তিত এলেকাৰ। সংস্কৃতিক আৰু উদ্যোগিক বিকাশৰ লকে লগে কৃত্তিম ড্ৰায়িং ব্যৱস্থা ব্যৱহাৰলৈ আহে। এই ব্যৱ্স্থা হৈছে খৰচবহুল আৰু ইয়াৰ বাবে বহু পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন যাৰ ফলত উতপাদন খৰচ বহু পৰিমাণে বৃদ্ধি পায়। এনে ক্ষেত্ৰত কৃত্তিম ড্ৰায়িং ব্যৱস্থা আৰু প্ৰাকৃতিক ড্ৰায়িং ব্যৱস্থাৰ বিপৰিতে চোলাৰ ড্ৰায়াৰ হৈছে আটাইতকৈ উত্তম বিকল্প।

খাদ্য-শষ্য শুকোৱাৰ ক্ষেত্ৰত, উদ্যোগিক ড্ৰায়িং প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চোলাৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা হয় যি বিদ্যুত খৰচৰ দিশৰ পৰা অত্যন্ত লাভজনক। কেৱল বিদ্যুত কম খৰচ কৰাই নহয়, কম সময় খৰচ কৰা, কম ঠাইৰ প্ৰয়োজন হোৱা, উত্পাদনৰ মাণদণ্ড উন্নত কৰা, ড্ৰায়িং প্ৰক্ৰিয়া অত্যধিক সৰল আৰু পৰিপক্ক কৰি তুলা আৰু লগতে পৰিবেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো চোলাৰ ড্ৰায়াৰ অত্যন্ত উপযোগী। চোলাৰ ড্ৰায়াৰ পূৰণা শুকোৱা পদ্ধতিৰ বহুবোৰ অপকাৰীতাৰ পৰা দুৰত অৱস্থিত। চোলাৰ ড্ৰায়াৰ সমগ্ৰ শুকোৱা প্ৰক্ৰিয়াৰ বাবেও ব্যৱহাৰ হব পাৰে বা কেতিয়াবা কৃত্তিম শুকোৱা পদ্ধতিৰ পৰিপূৰক হিচাপেও ব্যৱহাৰ হব পাৰে, আৰু এইদৰে প্ৰয়োজনীয় ইন্ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত ই উপযোগী হৈ পৰে।

চোলাৰ ড্ৰায়াৰ এক অত্যন্ত উপযোগী যন্ত্ৰ-

১. খেতিৰ শস্য শুকোৱাৰ বাবে
২. খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত ফল-মূল, আলু, পিয়াজ আৰু আন আন শাক-পাছলি নিৰুদন কৰিবৰ বাবে
৩. দুগ্ধ উত্পাদন উদ্যোগত গাখীৰ পাউদাৰ বা ছানা উতপাদনৰ বাবে
৪. কাঠৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত
৫. বস্ত্ৰ উদ্যোগত বস্ত্ৰজাত সামগ্ৰী শুকোৱাৰ ববে।

সৌৰ স্টিল

পানীক লৱণু মুক্ত কৰাৰ ক্ষেত্ৰত এই সৌৰ স্টিল ব্যৱহাৰ কৰা হয়। অশুদ্ধ পানীৰ পৰা বিশুদ্ধ খোৱা পানী লাভৰ বাবে ই হৈছে এক অতি সৰল যন্ত্ৰ যি কেৱল সৌৰ শক্তিক ইন্ধন হিচাপে খৰচ কৰে বিশেষকৈ ইয়াৰ বিভিন্ন খৰুৱা, উদ্যোগিক বা শিক্ষাগত ক্ষেত্ৰত ব্যৱহাৰৰ বাবে।

ফাইবাৰ ৰিইনফৰ্চদ প্লাষ্টিকৰ (এফ.আৰ.পি.) দ্বাৰা নিৰ্মিত তৰাং তিনিকুণীয়া জলচ্চেদ ব্যৱহাৰ কৰা হয় সৌৰ স্টিলৰ ক্ষেত্ৰত। জলচ্চেদৰ তল ভাগত কলা ৰং কৰা হয় যাতে ই পৰ্য্যাপ্ত পৰিমাণে সৌৰ তাপ শোষন কৰিব পাৰে। ইয়াৰ উপৰ ভাগত স্বচ্ছ আইনাৰে আৱৰি দিয়া হয় যাতে সাম্ভাব্যাধিক সূৰ্য্যৰ বিকিৰণ আহি স্টিলত পৰেহি। এই জলচ্চেদত বায়ু প্ৰৱেশ নকৰিবৰ বাবেও ব্যৱস্থা লোৱা হয়। এম.এছ. কোণৰ যৰিয়তে নিৰ্মিত এক সংৰচনাৰ ওপৰত এই জলচ্চেদ ৰখা হয়। এক সঞ্চয়কাৰী পাত্ৰ এই জলচ্চেদৰ নিৰ্গমন অংশৰ সৈতে সংযোগ কৰা হয়। স্টিল জলচ্চেদত পানী ভৰাব পৰা ব্যৱস্থাও কৰা হয়। জলচ্চেদৰ ভিতৰভাগ পৰিস্কাৰ কৰিবৰ বাবে ইয়াত এখন খিৰিকিৰ ব্যৱস্থাও কৰা হয়। জলচ্চেদৰ এক পাতল তৰপত পানী চাৰ্জ কৰা হয়।

নিম্নোল্লেখিত কাৰণবোৰৰ বোৰৰ বাবে গতানুগতিক লৱণুমুক্তকৰণ/পানী বিশুদ্ধকৰণ/ৰাসায়নমুক্তকৰণ ব্যৱস্থাতকৈ সৌৰ স্টিলৰ উপযোগিত বহু বেছিঃ

১. বিশুদ্ধ পানী উৎপন্ন কৰে
২. কোনো বিশেষ মুভাৰ্চৰ প্ৰয়োজন নাই
৩. কোনো গতানুগতিক শক্তিৰ প্ৰয়োজন নাই
৪. কোনো দক্ষ লোকৰ প্ৰয়োজন নাই
৫. স্থানীয় ভাবেই ইয়াক তৈয়াৰ কৰিব পাৰি
৬. বিনিয়োগৰ বাবে কম ধনৰ প্ৰয়োজন
৭. অত্যাধিক লৱণুযুক্ত পানী বিশুদ্ধ কৰিব পাৰে (আনকি সাগৰৰ পানীও)

বিশুদ্ধ আৰু সতেজ পানী লাভ কৰাৰ বাবে সৌৰ স্টিল অতিকৈ উপযোগী যি নিম্নলিখিত ক্ষেত্ৰ সমূহৰ অতি প্ৰয়োজনঃ

উদ্যোগউদ্যোগিক প্ৰক্ৰিয়াকৰণৰ বাবে
চিকিৎসালয় তথা চিকিৎসা কেন্দ্ৰবীজাণু মুক্তকৰণ
গেৰেজ আৰু যান-বাহন মেৰামতি কৰা কৰ্মশালাৰেডিয়েটৰ আৰু বেটাৰীৰ তত্বাৱধনৰ বাবে
দূৰবাৰ্তা বিনিময়বেটাৰীৰ তত্বাৱধানৰ বাবে
পৰীক্ষাগৰৰ ব্যৱহাৰৰ বাবেবিশ্লেষণকাৰী কামৰ বাবে
জলহুৱা আৰু সাগৰৰ পাৰ অঞ্চলবোৰতউদ্যোগিক প্ৰক্ৰিয়াকৰণৰ বাবে