জৈৱিক ইন্ধন বুলিলে যিকোনো ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ কলা-কোষকে বুজায়। শক্তি উদ্যোগত, জৈৱিক ইন্ধন বুলি কলে কাঠ, বাঁহ, বৰ্জনীয় জৈৱ দ্ৰব্য যেনে- সাৰ আৰু আন প্ৰাকৃতিক দ্ৰব্য যত শক্তি সংগ্ৰহ/নিহিত হৈ থাকে। এক প্ৰকাৰে জৈৱিক ইন্ধনো, সৌৰ শক্তিৰে এটা ৰূপ। যিহেতু বিভিন্ন উদ্ভিদে দিনৰ ভাগত সৌৰ শক্তি ব্যৱহাৰ, পৰিবেশৰ পৰা কাৰ্বন মজুত কৰে। প্ৰত্যক্ষভাবে ইয়াক দহন কৰি পোৱা শক্তি ব্যৱহাৰ কৰিব পাৰি অথবা অনুজীৱৰ দ্বাৰা ভ্ৰক্ষণৰ পিছত পুনৰ জৈৱগেছ উৎপন্ন কৰে, যি এক প্ৰকাৰৰ প্ৰাকৃতিক গেছ। ৰন্ধন আৰু উত্তাপৰ বাবে মানুহে হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই প্ৰত্যক্ষ দহন কৰি আহিছে।
কিন্তু প্ৰত্যক্ষ দহন প্ৰক্ৰিয়াটো নিপুণ নহয় বা অদক্ষ আৰু সেউজ-গৃ গেছ নিৰ্গমনৰ এক কাৰণ। সেইবাবেই অধিক দক্ষ প্ৰক্ৰিয়া/নিপুণ প্ৰক্ৰিয়া যেনে- গছীয় জৈৱিক ইন্ধন ইত্যাদি বিকেন্দ্ৰীভূত শক্তি উত্পাদন আৰু দুৰ্গম এলেকাৰ বৈদ্যুতিকীকৰণত বহুলভাৱে ব্যৱহৃত হয়।