সূৰ্যই ইয়াৰ পাৰমাণৱিক সংযোজিত প্ৰতিক্ৰিয়াৰ ফলত, নিৰবিচ্ছিন্নভাৱে বৃহৎ পৰিমাণৰ শক্তি, বিভিন্ন ৰূপত যেনে- পোহৰ, উত্তাপ, ৰেডিঅ তৰংগ, আৰু এক্স-ৰশ্মি ইত্যাদি বিকিৰণ কৰি থাকে। সূৰ্যৰ চাৰিওফালে থকা কক্ষপথত থাকি, পৃথিৱীয়ে, সূৰ্যৰ পৰা বিকৰিত হোৱা বিশাল শক্তিৰ, সামান্য এক অংশহে পাবলৈ সক্ষম হয়। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তৰ সময়লৈ পৃথিৱীয়ে যথেষ্ট প্ৰত্যক্ষ সূৰ্যৰ পোহৰ লাভ কৰে। সৌৰ সংগ্ৰাহক আৰু মডিউলসমূহে কিছু অংশ সৌৰ শক্তি আবদ্ধ কৰি, ইয়াক বিকিৰণৰ পৰা অধিক ব্যৱস্থাৰ্য, বিভিন্ন ৰূপলৈ যেনে- তাপ আৰু বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। ভাৰতৰ দৰে গ্ৰীষ্ম প্ৰধান দেশত, দূৰৱৰ্ত্তী এলেকাত বৈদ্যুতিকীকৰণৰ ক্ষেত্ৰত যেনে- দূৰসংযোগ ব্যৱস্থা, গ্ৰাম্য বৈদ্যুতিকীকৰণ, পানীযোগান, সৌৰ টীকা, শীতলীকৰণ ইত্যাদি ক্ষেত্ৰত সৌৰ শক্তি দ্ৰুত গতিত জনপ্ৰিয় হবলৈ ধৰিছে।
সৌৰ ফটোভল্টাইক ক্ৰিয়াত ছিলিকন ছেল মডিউলৰ সহায়ত, সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে বিদ্যুতলৈ ৰূপান্তৰ হয় আৰু নিশাৰ আন্ধাৰত আৰু আন আন ব্যৱহাৰৰ বাবে বেটাৰীত সংগ্ৰহিত হৈ থাকে। সৌৰ উত্তাপ সম্বন্ধীয় ক্ৰিয়াত, সূৰ্যৰ তাপ শক্তি, সৌৰ সংগ্ৰাহকৰ সহায়ত পানী গৰম কৰা (ঘৰুৱা আৰু ঔদ্যোগিক দুয়ো ক্ষেত্ৰতে), শক্তি উত্পাদন, সাঁতোৰাৰ বাবে ব্যৱহৃত পুখুৰীৰ উষ্ণতা নিয়ন্ত্ৰণ ইত্যাদিৰ বাবে আবদ্ধ বা জমা কৰি ৰাখিব পাৰি।