শক্তি যোগানৰ বাবে মানুহে জলশক্তি প্ৰায়, বায়ুশক্তিৰ ব্যৱহাৰৰ সমানেই পুৰণি দিনৰ ৰা ব্যৱহাৰ কৰি আহিছে। ৩০০০ বছৰৰ আগতেও যে শস্য গুড়া কৰা বা পিছাৰ কাৰ্যত জল চক্ৰৰ ব্যৱহাৰ হৈছিল সেই তথ্য পূৰাতত্ববিদসকলে আৱিস্কাৰ কৰিছে। আজিৰ দিনত, প্ৰৱাহিত পানী/বাগৰি পৰা পানীৰ শক্তি, জলবিদ্যুত্ বান্ধসমূহত বৈদ্যুতিক জেনেৰেটৰ চলাবলৈ প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। বৰফ আৰু বৰষুণে নদীৰ বুবুক ভৰাই তোলাৰ লগে লগে প্ৰৱাহিত পানী হৈ পৰিব পাৰে শক্তিৰ পুনঃনবীকৰণ উত্স।
যদিও যিকোনো আধুনিক সমাজতে, বৃহত্ বান্ধ শক্তি/জল শক্তি, দৈনন্দিন বিষয় বা কৰোবাৰত অধিক অভ্যস্ত হৈ পৰিছে, তথাপি ক্ষুদ্ৰ ৰূপত জল শক্তি আহৰম, তুলনামূলকভাৱে ইয়াৰ কম ব্যয় আৰু পাৰিপাৰ্শ্বিকতাত কম প্ৰভাৱৰ ইত্যাদিৰ বাবে, অলপতে ইয়াৰ গুৰুত্ব বাঢ়িছে।