মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

বায়ু সম্পদ মূল্যায়ন

অভিপ্ৰায়

বায়ু শক্তি ব্যৱহাৰৰ উন্নয়নৰ বাবে বায়ু সম্পদৰ মূল্যায়ন ক্ষেত্ৰৰ পৰিচালনাৰ দ্বাৰা কৰা হয়।

তাৰ পৰা আহৰণ কৰা ডেটা আৰু তথ্যৰ আভাস ৰাষ্ট্ৰীয় বায়ু সম্পদ মানচত্ৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু বায়ুশক্তিৰ সু-ব্যৱহাৰ কৰা হয়।

কাৰ্যপদ্ধতি

বৰ্তমান, ৫০ মিটাৰ/৮০ মিটাৰ নিপুণ বা দক্ষ বহুস্তৰীয় যন্ত্ৰপাতি, অনুসন্ধানৰ বাবে ব্যৱহাৰ কৰা হয়, নিৰ্ভৰযোগ্য আৰু সমপূৰ্ণ ৰূপে স্বয়ংক্ৰিয় সঁজুলি বা যন্ত্ৰ, যি বায়ু সম্পদ মূল্যায়নৰ বাবে প্ৰয়োজনীয় তথ্য বা পল দিব পাৰে, তেনে যন্ত্ৰ অসমৰ সকলো ক্ষেত্ৰ কেন্দ্ৰতে ব্যৱহাৰ কৰা হৈছে।

চলিত প্ৰকল্প

অসমৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ (গ্ৰাম্য), কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাত ৮০ মিটাৰৰ বায়ু পৰ্যবেক্ষণ কেন্দ্ৰ আছে। এই প্ৰকল্পটোত সহযোগ কৰিছে ৰাষ্ট্ৰীয় বায়ুশক্তি প্ৰতিষ্ঠান, চেন্নাই, অসম শক্তি উন্নয়ন সংস্থা আৰু ভাৰত পেট্ৰলিয়াম লিমিটেড।

তাৰোপৰি, ৭টা ৫০ মিটাৰৰ বায়ু পৰ্যবেক্ষণ কেন্দ্ৰ নব আৰু পুনঃনবীকৰণ শক্তি (এম.এন.আৰ.ই), জি.অ.আই. মন্ত্ৰালয়ৰ নৱ/পূৰ্বতে সাঙুৰি নোলোৱা/অনাবৃত অঞ্চল ২০১৬/১৭ প্ৰকল্পৰ অধীনত অনতিপলমে মৰিগাঁও, নগাঁও, গহপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাত অনুমোদিত হৈছে।

বায়ু সম্পদ মূল্যায়ন