মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

উন্নত চৌকা অভিযান (ইউ.চি.এ.)

পৰিষ্কাৰ শক্তি যোগানৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ পৰিষ্কাৰ আৰু কাৰ্যক্ষম ৰন্ধন চৌকাৰ যথেষ্ট গুৰুত্ব আছে, বিশেষকৈ দুখীয়া শ্ৰেণীৰ মাজত। কম কাৰ্বন নিৰ্গমন আৰু তাৰ পৰা হব পৰা স্বাস্থ্যজনিত হানি কমোৱাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টা চলি থকাৰ সময়ত, ইয়াক যথেষ্ট অৰ্থবহ বুলি কব পাৰি। তাৰোপৰি, বৰ্জনীয় সংগ্ৰহ আৰু কাঠ ইন্ধনৰ ব্যৱহাৰে প্ৰাকৃতিক/বনাঞ্চলৰ সম্পদৰ ওপৰত চাপ সৃষ্টি কৰে আৰু দ্ৰুতগতিত ভূমি ক্ষয় আৰু বন ধ্বংসৰ লগত জড়িত আন আন পাৰিপাৰ্শ্বিক সংক্ৰান্ত সমস্যাৰ সৃষ্টি কৰে। তেনে ধৰণেই ৰান্ধনী আৰু ৰন্ধনৰ লগত জড়িত লোকসকলেও বিভিন্ন চৰকাৰী আঁচনি আৰু কাৰ্যক্ৰম যেনে- স্কুলৰ মদ্যাহ্ন ভোজন আঁচনি আৰু সম্পূৰক পুষ্টি কাৰ্যসূচী, যিটো অংগনবাড়ীৰ দ্বাৰা সংহত শিশু বিকাশ আঁচনিত বাস্তৱায়িত কৰা হয় আৰু যত, পৰম্পৰাগত জৈনিক ইন্ধন আধাৰিত ৰন্ধন চৌকা ব্যৱহাৰ কৰি, প্ৰাক-স্কুল লৰা-ছোৱালী, গৰ্ভৱতী মহিলা আৰু মাতৃদুগ্ধ পান কৰাই থকা মহিলাক আহাৰ প্ৰদান কৰা হয়, তাত কৰ্মৰত অৱস্থাত সমস্যাৰ সন্মুখীন হয়। উন্নত চৌকাই (জৈৱিক ইন্ধনযুক্ত ৰন্ধন চৌকা) পৰিষ্কাৰ বা বিশুদ্ধকৈ জৈৱিক ইন্ধনক জ্বলায় আৰু ওপৰত উল্লেখিত সাহায্যসমূহ দক্ষতাৰে নিৰ্মূল কৰাত সহায় কৰে। সেয়েহে, আধুনিক উন্নত জৈৱিক ৰন্ধন চৌকাৰ, পৰিয়াল আৰু আনুষ্ঠানিক ৰন্ধন কাৰ্যত বহুলভাৱে ব্যৱহাৰৰ প্ৰসাৰৰ হকে এক শক্তিশালী যুক্ত আছে।

উদ্দেশ্য –

১. গ্ৰামীণ, অৰ্দ্ধ-নগৰীয় আৰু নগৰ অঞ্চলত, বিশুদ্ধ ৰন্ধন শক্তিৰ সমাধান প্ৰদান কৰাৰ বাবে উন্নত জৈৱিক ৰন্ধন চৌকাৰ বিকাশ কৰা।
২. পৰম্পৰাগত ৰন্ধৰ চৌকাৰ ব্যৱহাৰ কৰি হোৱা পৰিশ্ৰমৰ পৰা মহিলা আৰু শিশুক প্ৰশমিত কৰা।
৩. ৰন্ধনৰ বাবে জৈৱিক ইন্ধন জ্বলোৱাৰ ফলত সৃষ্টি হোৱা বিভিন্ন নিৰ্গমন আৰু কলা কয়লা/কাৰ্বন নিৰ্গমন কমাই জলবায়ু পৰিৱৰ্তন প্ৰশমিত কৰা।

নিৰ্দ্ধাৰিত ব্যৱহাৰকাৰী

১. মধ্যাহ্ন ভোজন আঁচনিৰ অংগনবাদীৰ, বন/অৰণ্য/বনাঞ্চল বিশ্ৰাম গৃহৰ, জনজাতীয় ছাত্ৰাবাসৰ পাকঘৰ/ৰন্ধনশালা আৰু ব্যৱসায় প্ৰতিষ্ঠানক (পথৰ দাঁতিৰ ধাবা, সৰু হোটেল আৰু ভোজনশাল আৰু বিভিন্ন ধৰণৰ কূটীৰ শিল্প উদ্যোগ যেনে- টেক্সটাইল ডাইং/বস্ত্ৰ ৰঞ্জন, মচলা জাতীয় দ্ৰব্য শুষ্ককৰণ ইত্যাদি)। উন্নত মানদণ্ডৰ লগতৈ উন্নত আধুনিক জৈৱিক ৰন্ধন চৌকা যোগান ধৰা।
২. গাঁও অঞ্চলত থকা স্বতন্ত্ৰ পৰিয়ালসমূহ যি জৈৱিক ইন্ধন ৰন্ধন কাৰ্যৰ বাবে ব্যৱহাৰ কৰে।

বিশদ বৰ্ণনাৰ বাবে তলত ক্লিক কৰক-

http://mnre.gov.in/file-manager/dec-biomass-cookstoves/programme-biomass-cookstoves_unnat_chulha_abhiyan-2013-2014.pdf

উন্নত চৌকা অভিযান (ইউ.চি.এ.)