মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

এম.এন.আৰ.ই. – ইউ.এন.ডি.পি./জি.ই.এফ গ্ৰাম্য জীৱিকা

এম.এন.আৰ.ই. – ইউ.এন.ডি.পি./জি.ই.এফ. “গ্ৰামীণ উত্পাদনক্ষম ব্যৱহাৰ্যৰ বাবে পৰিষ্কাৰ শক্তি ব্যৱহাৰৰ সুযোগ মাপক” প্ৰকল্প-

পৰিচয়-

ভাৰত চৰকাৰৰ সক্ষম মন্ত্ৰালয় হিচাপে, নতুন আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়, দেশৰ পুনঃনবীকৰণ শক্তিৰ উন্নতি, নিয়োজন আৰু প্ৰসাৰৰ বাবে প্ৰধানকৈ দায়ী। বিভিন্ন পুনঃনবীকৰণযোগ্য উত্সৰ পৰা শক্তি উত্পাদনৰ বিস্তৃত কাৰ্যসূচী মন্ত্ৰালয়ৰ আছে। এম.এন.আৰ.ই.-ইউ.এন.ডি.পি/জি.ই.এফ সহায়ক প্ৰকল্পৰ অংশ হিচাপে, মন্ত্ৰালয়ে গ্ৰাম্য উদ্যোক্তাৰ পৰা, আন্তঃগাঁথনি স্থাপনৰ বাবে প্ৰস্তাৱ আহ্বান কৰে, যাতে একত্ৰীকৰণ, সৰবৰাহৰ উপৰিও পাছলৈ অসম, উড়িষ্যা আৰু মধ্যপ্ৰদেশৰ চিনাক্ত/নিৰ্বাচিত কেইখনমান জিলাত গ্ৰাম্য জীৱিকাৰ অৰ্থে- বিক্ৰী পৰিসেৱা, অফ-গ্ৰীড পুনঃনবীকৰণ শক্তি ব্যৱস্থাৰ বা যন্ত্ৰৰ বাবে প্ৰযুক্তিবিদ/যন্ত্ৰচালকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

ওপৰত উল্লেখিত তিনিখন ৰাজ্যই জীৱিকাৰ বাবে প্ৰধানকৈ কৃষি, পশুপালন, বাঁহ, মীনপালন, হস্ততাঁত, পাট আৰু বনাঞ্চলৰ ওপৰতে নিৰ্ভৰশীল। বহুতো গ্ৰাম্য জীৱিকা প্ৰদান কৰা উদ্যোগে বিদ্যুতৰ বাবে ডিজেল জেনেৰেটৰ চলোৱাটো ব্যয়বহুল হৈ পৰে। এনেকুৱা অৱস্থাত ডিজেল জেনেৰেটৰৰ বৈকল্পিক হিচাপে, পুনঃনবীকৰণ শক্তি অধিক বহনক্ষম আৰু নিৰ্ভৰযোগ্য আৰু ই এনে বিষয়/খণ্ডত অধিক আৰু এক সুস্থিৰ উত্পাদনক্ষমতা আহৰণত সহায়ক।

আনহাতে, এই ৰাজ্যকেইখনত আৰ.ই. প্ৰযুক্তি ব্যৱস্থা/যন্ত্ৰপাতিৰ অনুপ্ৰবেশ/প্ৰভাৱ কম। সেয়ে তাত আৰ.ই. প্ৰযুক্তি ব্যৱস্থা/যন্ত্ৰপাতিৰ যোগানৰ নেটৱৰ্ক শৃংখলৰ উন্নয়ন, আৰ.ই. খণ্ডত ঔদ্যোগিক কাৰ্যকলাপত সহাৰিৰ দ্বাৰা প্ৰয়োজন।

এম.এন.আৰ.ই.য়ে সেয়ে, অসম, উৰিষ্যা আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচিত কেইখনমান জিলাত গ্ৰামীণ উদ্যোক্তাৰ পৰাই আন্তঃগাঁঠনি সৃষ্টিৰ বাবে প্ৰস্তাৱ আহ্বান কৰে, যাতে একত্ৰীকৰণ, সৰবৰাহ/যোগান আৰু পাছলৈ বিক্ৰী পৰিসেৱা, অফ গ্ৰীড পুনঃনবীকৰণ শক্তি ব্যৱস্থাৰ বা যন্ত্ৰপাতি চালানৰ বাবে প্ৰযুক্তিবিদ/যন্ত্ৰচালকৰ প্ৰশিক্ষণ, এম.এন.আৰ.ই.-ইউ.এন.ডি.পি/জি.ই.এফ গ্ৰামীণ উত্পাদনক্ষম ব্যৱহাৰ্যৰ বাবে শক্তি পৰিষ্কৰণত মাত্ৰাৰ প্ৰকোপ প্ৰকল্পৰ অধীনত দিব পাৰে।

ছখন অসমৰ নিৰ্বাচিত/চিনাক্ত কৰা জিলা

১. বৰপেটা
২. নলবাৰী
৩. কামৰূপ গ্ৰাম্য
৪. দৰং
৫. ওদালগুৰি
৬. গোৱালপাৰা

চিনাক্ত কৰা জীৱিকাৰ ক্ষেত্ৰসমূহ হল – পশুপালন, দুগ্ধ উত্পাদন, মীন পালন, উদ্যানশস্য আৰু কুটীৰ শিল্প (মৃৎ শিল্প, কমাৰশাল, কাঠ মিস্ত্ৰী, বস্ত্ৰ শিল্প, হস্তকলা, বয়ন/বোৱা কটা, চামৰা, চিলাই কৰ্ম/কলা, সূতা কটা, হস্তনিৰ্মিত কাগজ, ভৱন নিৰ্মাণৰ সামগ্ৰী উত্পাদন)।

উদ্দেশ্য –

যোগানৰ শৃংখলাবদ্ধ কাৰ্যক্ৰমণিকাক সঁহাৰিৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা ধৰণৰ

১. গ্ৰামীণ উদ্যোক্তাক সহায়ৰ বাবে ধনৰ আবণ্টন দিয়া, যাতে প্ৰত্যেক ৰাজ্যৰ নিৰ্বাচিত জিলাৰ গ্ৰামীণ জীৱিকাৰ ক্ষেত্ৰত, অফ গ্ৰীড পুনঃনবীকৰণ শক্তি ব্যৱস্থা/যন্ত্ৰপাতিৰ প্ৰভাৱ ত্বৰান্বিত হয়।
২. যোগান শৃংখল সুনিশ্চিত কৰা যাতে নিৰ্বাচিত জিলাৰ গ্ৰামীণ আৰু দূৰৱৰ্ত্তী গাঁৱৰ জনসাধাৰণৰ বাবে সহজে উপলব্ধ হয় আৰু এইটোও সুনিশ্চিত কৰা যাতে বিদ্যুত ব্যৱস্থাৰ ধাৰাবাহিকতা অব্যাহত থাকে।
৩. অফ গ্ৰীড আৰ.ই. ব্যৱস্থা বা যন্ত্ৰপাতিৰ বাবে যুৱ প্ৰযুক্তিবিদ/চালকক প্ৰশিক্ষণ দিয়া।

এম.এন.আৰ.ই. – ইউ.এন.ডি.পি./জি.ই.এফ গ্ৰাম্য জীৱিকা