মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

অফ গ্ৰীড সৌৰ ফটো-ভল্টায়িক ব্যৱস্থা

গাঁও অঞ্চলত অত্যাধুনিক শক্তিৰ ব্যৱহাৰৰ বাবে সুবিধাৰ অভাৱেই হল দেশৰ সৰ্বব্যাপী উন্নতিৰ মূল অন্তৰায়। বৃহত্ সংখ্যক পৰিয়ালে ৰন্ধন কাৰ্য আৰু পোহৰৰ উত্স হিচাপে ব্যৱহাৰ কৰে কেৰাচিন। এম.এন.আৰ.ই.য়ে গ্ৰীড গৈ নোপোৱা আৰু বিদ্যুত্ যোগান দুৰ্বল এলেকাত, অফ-গ্ৰীড সৌৰ শক্তি প্ৰয়োগৰ বিশ্বাস দিয়াৰ পৰিকল্পনা কৰিছে। এম.এন.আৰ.ইৰ নিৰ্দ্ধাৰিত লক্ষ্যৰ লগতে এ.ই.ডি.এ.য়ে ঘৰুৱা, বাণিজ্যিক আৰু ঔদ্যোগিক খণ্ডত সৌৰ অফ-গ্ৰীড উত্পাদন ব্যৱস্থা, সৌৰ গৃহ জ্যোতি ব্যৱস্থা আৰু বিভিন্ন বেলেগ ধৰণৰ সৌৰ শক্তি আধাৰিত উত্তাপক/শীতলীকৰণ/উষ্ণ প্ৰয়োগশীলতাৰ প্ৰকল্পত দৃষ্টি নিবন্ধন কৰিছে।

কম খৰচী সৌৰ লণ্ঠন-

গাঁও অঞ্চলত সৌৰ লষ্ঠনসমূহৰ, পোহৰ বা জ্যোতি বিলোৱাৰ ক্ষেত্ৰত বৰ্দ্ধিত প্ৰয়োগ দেখা যায়, বিশেষকৈ কিছুমান মুখ্য কাৰ্য যেনে- এল.ই.ডি. মোবাইল/ভ্ৰাম্যভাষ চাজিং, বেটাৰী ব্যেক-আপ ইত্যাদিৰ ক্ষেত্ৰত। কিন্তু এইবোৰৰ উচ্চ মূল্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা বহন কৰিলেহে, গাঁৱৰ মানুহৰ অধিক সংস্পৰ্শলৈ আহিব। সৌৰ লণ্ঠন ব্যাপকভাৱে উপযোগী বা ব্যৱহাৰিক কৰি তুলিব পাৰি, বিশেষকৈ লৰা-ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত আৰু তাৰোপৰি ঘৰুৱা আৰু আন অৰ্থনৈতিক কাৰ্যক্ৰমত। বৰ্তমান ব্যৱহাৰ হৈ থকা কেৰাচিনৰ লেম্পৰ বৈকল্পিক হিচাপে ইয়াৰ ব্যৱহাৰৰ বৃহত্ সম্ভাৱনীয়তা আছে আৰু সেয়ে এই দিশত অনুদানমূলক বোজা উল্লেখযোগ্যভাৱে হ্ৰাস কৰাটো অৱদান দিব পাৰে। সৌৰ লণ্ঠনসমূহ প্ৰদূষণমুক্ত আৰু পৰিবেশ-অনুকূল।

পথৰ সৌৰ আলোক ব্যৱস্থা –

পথৰ সৌৰ আলোক ব্যৱস্থা হৈছে, সৌৰ শক্তিসম্পন্ন ফটোভল্টায়িক মাপাংক, যি সূৰ্যৰ পোহৰক প্ৰত্যক্ষভাৱে, দিনৰ ভাগত বিদ্যুত লৈ পৰিৱৰ্তন কৰে আৰু বেটাৰীত সংৰক্ষণ হৈ থাকে আৰু নিশাৰ ভাগত, পথৰ আলোকোজ্জ্বল কৰে।

বহুতো প্ৰতিষ্ঠান/সংস্থাৰ লগত পথৰ সৌৰ আলোক ব্যৱস্থা ভাৰতৰ বিভিন্ন অংশত প্ৰতিষ্ঠা বা ইনষ্টল কৰাৰ বাবে সম্পৰ্ক কৰা হৈছে। ই.পি.চি. চুক্তিৰ দ্বাৰা, এচ.ই.চি.আই.য়ে প্ৰকল্পবোৰ সৰলভাৱে পৰিচালনা কৰিব। উভয়ে অকলশৰে থিয় দি আছে আৰু কেন্দ্ৰীয় পি.ভি. আধাৰিত ব্যৱস্থা প্ৰয়োগ কৰা হব।

গাঁৱৰ বৈদ্যুতিকীকৰণৰ বাবে সুক্ষ্ম/ক্ষুদ্ৰ গ্ৰীড-

ক্ষুদ্ৰ গ্ৰীড/মাইক্ৰো গ্ৰীডসমূহ কেন্দ্ৰীভূত বিদ্যুত ব্যৱস্থাৰ আধুনিক আৰু ক্ষুদ্ৰ সংস্কৰণ। পুনঃনবীকৰণ শক্তি উত্স ব্যৱহাৰ কৰি, দূৰৱৰ্ত্তী এলেকাত সমুদায় স্তৰত বৈদ্যুতিকীকৰণত সফলতা অৰ্জনত এইবোৰ বৰ কাৰ্যকৰী আৰু ইয়াৰ দ্বাৰা কাৰ্বন নিৰ্গমনো কম হয়। ক্ষুদ্ৰ গ্ৰীডে বিদ্যুত্ উত্পাদন, বিতৰণ আৰু গ্ৰাহকলৈ ইয়াক সৰবৰাহ স্থানীয়ভাৱে পৰিচালনা কৰে। ক্ষুদ্ৰ গ্ৰীডসমূহ বিভিন্ন পুনঃনবীকৰণযোগ্য, সম্পদসমূহ একীূত কৰাৰ এক আদৰ্শ উপায় আৰু বিদ্যুত্ সংস্থাত সমুদায়ভাৱে অংশগ্ৰহণত সহায়ক।

বেঞ্চমাৰ্ক ব্যয়সূচীৰ বাবে তলত ক্লিক কৰক-

http://mnre.gov.in/file-manager/UserFiles/Off-Grid-Benchmark-Cost-2017-18.pdf

অফ গ্ৰীড সৌৰ ফটো-ভল্টায়িক ব্যৱস্থা