মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

সূৰ্যমিত্ৰ কৌশল বিকাশ কাৰ্যসূচী

ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান, নব আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ৰ এটা স্বায়ত্বশাসিত শীৰ্ষ ৰাষ্ট্ৰীয় আৰ এণ্ড ডি প্ৰতিষ্ঠান, সৌৰ শক্তিৰ ক্ষেত্ৰখনত। এন.আই.এচ.ই.য়ে সৌৰমিত্ৰ কৌশল বিকাশ কাৰ্যসূচী, ৰাজ্যিক নডেল সংস্থাৰ সহযোগত ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ লক্ষ্য হল যুৱকসকলৰ দক্ষতা বিকাশ কৰা, যাতে বৰ্দ্ধিত সৌৰ শক্তি প্ৰকল্পৰ ইনষ্টলেচন, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত থকা নিযুক্তিৰ সুযোগ, ভাৰত আৰু বিদেশত তেওঁলোকে লব পাৰে। সৌৰশক্তিৰ ক্ষেত্ৰখনত নতুন উদ্যোগী সৃষ্টিৰ উদ্দেশ্যেৰে তেনে ধৰণৰ প্ৰাৰ্থী প্ৰস্তুত কৰিব পৰাকৈও সৌৰ মিত্ৰ আঁচনিখন ডিজাইন কৰা হৈছে।

ভাৰত চৰকাৰৰ নব আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ে সৌৰ মিত্ৰ কৌশল বিকাশ কাৰ্যসূচীটো প্ৰযোজিত কৰিছে।

যোগ্যতাৰ মাপদণ্ড-

তলত উল্লেখ কৰা অৰ্হতাসম্পন্ন প্ৰাৰ্থী যোগ্য বিবেচিত হব-

১. প্ৰয়োজনীয় অৰ্হতা – প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ আৰু ইলেকট্ৰিছিয়ান বা বিদ্যুত্ মিস্ত্ৰী/বৈদ্যুতিক কাৰিকৰ/ফিটাৰ/ধাতুৰ পাতত আই.টি.আই উত্তীৰ্ণ আৰু ১৮ বছৰ বয়সৰ কম হব নালাগিব।
২. বাঞ্চনীয় অৰ্হতা – বৈদ্যুতিক, কাৰিকৰী/যান্ত্ৰিক আৰু বৈদ্যুতিক বিভাগত ডিপ্লোমা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হয়। ইলেকট্ৰিছিয়ান বা বিদ্যুত্ মিস্ত্ৰীৰ মানপত্ৰ থকা আৰু অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীকো অগ্ৰাধিকাৰ দিয়া হব। অভিযান্ত্ৰিক স্নাতক আৰু আন উচ্চ অৰ্হতাসম্পন্ন ব্যক্তি, আবেদনৰ বাবে যোগ্য নহয়।
৩. প্ৰশিক্ষাৰ্থী নিৰ্বাচনৰ সময়ত, গাঁৱৰ পটভূমিৰ পৰা অহা, নিবনুৱা যুৱক, মহিলা, এছ.চি./এছ.টি. প্ৰাৰ্থীক বিশেষ প্ৰাধান্য দিয়া হয়।
৪. উচ্চ অৰ্হতাসম্পন্ন যেনে- যিকোনো বিভাগত স্নাতক বা তাতোকৈ উচ্চ অৰ্হতাসম্পন্ন ব্যক্তি কঠোৰভাৱে অযোগ্য।

সময়সীমা আৰু আসন-

আৱাসিক কৌশল বিকাশ কাৰ্যসূচীৰ সময়সূচী ৬০০ ঘণ্টা (প্ৰায় ৯০ দিন)। এই আৱাসিক কাৰ্যসূচী মাচুলবিহীন আৰু খোৱা আৰু থকাও বিনামূলীয়া। ভাৰত চৰকাৰৰ নতুন আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ে, সৌৰমিত্ৰ কৌশল বিকাশ অনুষ্ঠানটো প্ৰযোজনা কৰে।

আসন- প্ৰতিটো দলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে ৩০খনকৈ আসন বৰ্তমান আছে। পাঠ্যক্ৰমৰ শেষত ভালদৰে মূল্যায়নৰ পিছত প্ৰত্যেককে মানপত্ৰ প্ৰদান কৰে।

সূৰ্যমিত্ৰ কৌশল বিকাশ কাৰ্যসূচী