মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

গ্ৰীড সংযোগী ছাদ সৌৰ ব্যৱস্থা

অব্যৱহৃত ছাদ অংস আৰু ভৱনৰ চৌপাশৰ অপৰিত্যাগ ভূমি ব্যৱহাৰ কৰি সৌৰ শক্তি উত্পাদনৰ বিশাল/প্ৰচুৰ সম্ভাৱনা দেখা যায়। প্ৰতিটো স্বতন্ত্ৰ পৰিয়াল, ঔদ্যোগিক ভৱন, ব্যৱসায়িক ভৱন বা যিকোনো আন বিভিন্ন ধৰণৰ ভৱনে উত্পাদন কৰা, সামান্য/কম পৰিমাণৰ শক্তি, ভৱনৰ বাসিন্দাৰ প্ৰয়োজনীয়তা আংশিকভাৱে পূৰ্ণ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু অতিৰিক্ত হলে গ্ৰীডত সঞ্চিত কৰিব পাৰি। ভৱনৰ ছাদ অংশত থকা ৰফ-টপ এচ.পি.ভি. ব্যৱস্থাক, বিদ্যুত্ বিভ্ৰাট/লোড শ্বেডিঙৰ সময়ত কাৰ্যকৰী হোৱাকৈ ডি.জি. জেনেৰেটৰ ছেটৰ ঠাইত প্ৰতিষ্ঠাপন কৰিব পাৰি। আজিৰ দিনত প্ৰতিষ্ঠা কৰা এটা সৌৰ প্ৰকল্পৰ পৰা উত্পাদন হোৱা বিদ্যুতৰ মূল্য, গ্ৰাহকৰ বাবে বাণিজ্যিক মাচুলৰ সমান বা কমহে। আনহাতে, দিনে দিনে সৌৰশক্তিৰ মূল্য নিম্নগামী হোৱাৰ বিপৰীতে বিদ্যুত ভিত্তিক জীৱাশ্ম ইন্ধনৰ মূল্যৰ প্ৰৱণতা উৰ্দ্ধগামী।

অধিকাংশ ক্ষেত্ৰতে অনুজ্ঞাপত্ৰ বিতৰণ/ডি.আই.এছ.চি.অ.এম.এছ.ৰ দ্বাৰা বৰ্তমান সময়ত সৌৰ শক্তিৰ উত্পাদন ব্যয়, উপভোক্তাৰ মাচুলতকৈ কিছু/সামান্য বেছি হৈ আছে। মূলধনত অনুদানেৰে (৩০শতাংশলৈ) আগন্তুক ২০ বছৰৰ বাবে, শক্তি উত্পাদন প্ৰতি ইউনিটত ৫.০-৬.৫০ টকাৰ ভিতৰত সম্ভৱ হব পাৰে, যিটো বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল জেনছেটত কৈ সস্তা। আৰু ই যি ব্যয়ৰ বিনিময়ত বিতৰণ অনুজ্ঞাপত্ৰধাৰীয়ে/ডি.আই.এছ.চি.অ.এম.এছ. একেই উপভোক্তাক বিদ্যুত যোগান ধৰিছে, তাতোকৈও সস্তা হব পাৰে। সেইকাৰণেই সৌৰশক্তিৰ ব্যৱহাৰক জনপ্ৰিয় কৰি তোলাটো বৰ গুৰুত্বপূৰ্ণ, যাতে জনসাধাৰণৰ আত্মবিশ্বাস আহে আৰু নিজেই ইয়াৰ ব্যৱহাৰ বাঢ়িবলৈ ধৰে।

গ্ৰীড সংযোগী ছাদৰ উপৰিভাগৰ সৌৰ শক্তি প্ৰকল্প:

গ্ৰীড সংযুক্ত ছদ বা সৰু এছ.পি.ভি ব্যৱস্থাত, এচ.পি.ভি. পেনেলৰ পৰা উত্পাদন হোৱা ডি.চি. শক্তি কণ্ডিশ্বনাৰ ইউনিট ব্যৱহাৰ কৰি এ.চি. শক্তিলৈ পৰিৱৰ্তন কৰা হয় আৰু ইয়াক ৩৩ কেভি/১১ কেভি ত্ৰি চৰণ লাইন বা ৪৪০/২২০ ভল্টৰ ত্ৰি/এক চৰণ লাইনেৰে গ্ৰীডত ফীড কৰা হয়, যিটো অনুষ্ঠান/বাণিজ্যিক প্ৰতিষ্ঠান বা আৱাসিক এলেকাত সংস্থাপন কৰা ব্যৱস্থাটোৰ ক্ষমতাৰ ওপৰত আৰু ৰাজ্যসমূহৰ বাবে নিৰ্দিষ্টকৈ নিৰ্ধাৰিত নিয়ন্ত্ৰিত মানৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰে দিনৰ ভাগত শক্তি উত্পাদন কৰে আৰু জমা বন্দী ভাৰ শক্তিৰ দ্বাৰা ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা হয় আৰু যেতিয়ালৈ গ্ৰীড উপলব্ধ থাকিব, অতিৰিক্ত শক্তি ফীড হব গ্ৰীডত। যদি ডাৱৰীয়া বতৰ ইত্যাদিৰ বাবে যথেষ্ট সৌৰ শক্তি উত্পাদন নহয়, গ্ৰীডৰ পৰা শক্তি আহৰণ কৰি জমা বন্দী শক্তিক ব্যৱহাৰ কৰিব পাৰি. গ্ৰীড ইণ্টাৰেক্টিভ ছাদ ব্যৱস্থাই পৰিমাপৰ আধাৰত কাম কৰে, যত মুঠ পৰিমাপৰ জোখ-মাখ বা অধ্যয়নৰ আধাৰত উপভোক্তাই মূল্য দিব লাগে। বিকল্প হিচাপে, দুটা মিটাৰ বা পৰিমাপসমূহ শক্তিৰ আমদানি আৰু ৰপ্তানি/অহা আৰু যোৱাৰ বাবে বেলেগে বেলেগে স্থাপিত কৰিব পাৰে। নিজৰ মাজত শুল্ক/বেতনৰ ওপৰত সহমতি অনুসাৰে, মুঠ পৰিমাণৰ ওপৰত আধাৰিত এক নিৰ্দিষ্ট পদ্ধতি বা কৌশলো গ্ৰহণ কৰিব পাৰে। তেনে বহু শক্তি প্ৰকল্প, আবাসিক আৰু বাণিজ্যিক ভৱন, আৱাসিক সমাজ, সম্প্ৰদায় কেন্দ্ৰ, চৰকাৰী প্ৰতিষ্ঠান, ব্যক্তিগত অনুষ্ঠান ইত্যাদিৰ ছাদত স্থাপন কৰিব পাৰি।

সাধাৰণতে গ্ৰীড ইণ্টাৰেক্টিভ ব্যৱস্থাত কোনো ব্যাক আপৰ প্ৰয়োজন নহয়, যিহেতু গ্ৰীডে অতিৰিক্ত সৌৰশক্তি ফিডিংৰ বাবে ব্যাক আপ হিচাপে আৰু ত্দ্ৰুপ কাম কৰে। সমগ্ৰ ব্যৱস্থাটোৰ প্ৰদৰ্শনৰ বিশ্বাসযোগ্যতাক বঢ়োৱাৰ বা বৃদ্ধিৰ বাবে, নুন্যতম এক ঘন্টাৰ ব্যাক-আপ দিব পৰা ভাৰ ক্ষমতা সম্পন্ন বেটাৰীৰ পৰামৰ্শ দিয়ে। গ্ৰীড ইন্টাৰেকটিভ ব্যৱস্থাত এইটো নিশ্চিত কৰা হৈছে যে, যদি গ্ৰীড ব্যৰ্থ হয়, সৌৰ শক্তি সম্পুৰ্ণ ৰূপে ব্যৱহাৰ হয় অথবা অবিলম্বে গ্ৰীড ফিডিং বন্ধ হৈ যায় (যদিহে অতিৰিক্ত থাকে), যাতে কোনো গ্ৰিডৰ ব্যক্তি/প্ৰযুক্তিবিদ (যন্ত্ৰবিত) বিদ্যুতপৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে, যদিহে গ্ৰীডৰ পৰিচালনা বা ৰক্ষণাবেক্ষণৰ বাবে কাৰ্য্যৰত অৱস্থাত কোনো গ্ৰীডত থাকে। এই বৈশিষ্ট্যক আইলেন্ডিং প্ৰটেকশ্ব্যন (Islanding Protection/ দ্বীপৰ সুৰক্ষা) বুলি কোৱা হয়।.

গ্ৰীড সংযোগী ছাদ সৌৰ ফটোভোল্টাইক শক্তি উত্পাদন প্ৰকল্পই ব্য/খৰচ কেন্দ্ৰত বিদ্যুত্ উত্পন্ন কৰে আৰু সেয়ে বিতৰণ অনুজ্ঞাপত্ৰধাৰীৰ নেটৱৰ্ক ক্ষতি হ্ৰাস কৰাত অৱদান আগবঢ়ায়। বিদ্যুত্ উত্পাদনে চাহিদা আৰু বিতৰণৰ মাজত থকা পাৰ্থক্য পূৰ্ণ কৰাত বা দূৰ কৰাটো অৱদান আগবঢ়াব আৰু বিদ্যুত নিয়ন্ত্ৰক আয়োগৰ দ্বাৰা যথাযথভাবে নিৰ্দিষ্ট কৰা, সৌৰ ক্ৰয়ৰ বাধ্যবাধকতাৰ লক্ষ্য মানি চলাৰ বাবে প্ৰয়োজনীয় নিয়ম-নীতিসমূহকো সক্ষম কৰিব পাৰিব। ভাৰতৰ বিশাল ৰূপত গ্ৰীড সংযোগী ছাদ সৌৰ ফটোবোল্টাইক শক্তি উত্পাদন প্ৰকল্পৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে আৰু এম.এন.এৰ.ইয়ে এই সম্ভাৱনীয়তা/সম্ভাৱ্যতা ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

কাৰ্যক্ৰমৰ উদ্দেশ্যে-

  • গ্ৰীড সংযোগী এচ.পি.ভি. ছাদ আৰু সৰু/ক্ষুদ্ৰ এছ.পি.ভি. শক্তি উত্পাদিত প্ৰকল্পৰ আৱাসিক, সামুদায়িক, অনুষ্ঠানিক, ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ মাজত প্ৰচাৰ কৰা।
  • বিদ্যুত উত্পাদনৰ ভিত্তি হিচাপে/আধাৰ হিচাপে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা প্ৰকাশিত কৰা আৰু পৰিবেশ অনুকূল সৌৰ শক্তি উত্পাদনক উত্সাহিত কৰা।
  • ব্যক্তিগত খণ্ড, ৰাজ্য চৰকাৰ আৰু ব্যক্তি বিশেষৰ দ্বাৰা সৌৰ শক্তি খণ্ডত বিনিয়োগৰ বাবে সক্ৰিয় পৰিবেশ সৃষ্টি কৰা।
  • ছাদৰ উপৰিভাগ আৰু সৰু প্ৰকল্পৰ পৰা গ্ৰীডলৈ সৌৰ শক্তি প্ৰবাহ বা সৰবৰাহৰ বাবে সক্ৰিয় পৰিবেশ সৃষ্টি কৰা।
  • বজাৰ চাহিদাৰে মোকাবিলাৰ বাবে নতুনত্বক উত্সাহিত কৰা আৰু সাধাৰণভাৱে বহন কৰিব পৰা ব্যৱসায়িক আৰ্হিৰ প্ৰসাৰ আৰু নিয়োগৰ সুযোগ সুনিশ্চিত কৰা।
  • চেনেল অংশীদাৰ আৰু সম্ভাৱ্য সুবিধাভোগীক নিৰ্দিষ্ট নিৰ্ধাৰিত সীমাৰ ভিতৰত আৰু এক নমনীয় চাহিদা চলিত পৰিস্থিতিত সমৰ্থন প্ৰদান কৰা।
  • গ্ৰীড সংযোগী এচ.পি.ভি ছাদ প্ৰয়োগ প্ৰক্ৰিয়াৰ নিদৰ্শন সলনি কৰি কমোডিটিজেশ্বনৰ বাবে আৱশ্যক হোৱা দৃষ্টান্ত তৈয়াৰ কৰা।
  • পৰামৰ্শ সেৱা, সন্মিলন, আলোচনাচক্ৰ, ক্ষমতা নিৰ্মাণ, সজাগতা সভা, মানৱ সম্পদ উন্নয়ন ইত্যাদিক সমৰ্থন প্ৰদান।
  • যেতিয়াই সম্ভৱ ডিজেলৰ পৰিপূৰকক উত্সাহিত কৰা।

বেঞ্চমাৰ্ক ব্যয়সূচীৰ বাবে তলত ক্লিক কৰক-

http://mnre.gov.in/file-manager/UserFiles/Grid-Connected-Benchmark-Cost-2017-18.pdf

বিশদ বৰ্ণনাৰ বাবে তলত ক্লিক কৰক-

http://mnre.gov.in/schemes/decentralized-systems/solar-rooftop-grid-connected/
http://solarrooftop.gov.in/login
Downloads
TitleSizeDetail
Brochure 1.pdf596.2 KBswf-image
14 MWp Grid Connected Solar Rooftop Programme Information 1.pdf370.34 KBswf-image
গ্ৰীড সংযোগী ছাদ সৌৰ ব্যৱস্থা